নলবাৰীত চাঞ্চল্য: গংগাপুৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰোজ আলী আৰক্ষীৰ এনকাউণ্টাৰত নিহত | Sensational in Nalbari: Main accused of Gangapur murder, Roz Ali, killed in police encounter

নলবাৰী, ১ জুন: সমগ্ৰ অসমক জোকাৰি যোৱা গংগাপুৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰোজ আলী আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয়। আৰক্ষীৰ তথ্য অনুসৰি, ঘটনাটোৰ তদন্ত চলি থকা অৱস্থাত অভিযুক্তক আটক কৰাৰ সময়ত সংঘটিত হয় এই এনকাউণ্টাৰ।

উল্লেখ্য যে, ৩১ মে’ৰ নিশা নলবাৰীৰ গংগাপুৰ অঞ্চলত সংঘটিত এক নৃশংস আক্ৰমণত AASU নেতা মাধুৰ্য বৰ্মনৰ মৃত্যু হয় আৰু মৃদুমুদ্ৰা ডেকা নামৰ এগৰাকী যুৱতী গুৰুতৰভাৱে আহত হয়। ঘটনাৰ পিছতে ৰোজ আলী আৰু আন কেইবাজনো সন্দেহভাজনক বিচাৰি আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰে।

আৰক্ষীৰ দাবী অনুসৰি, তদন্তৰ স্বাৰ্থত ৰোজ আলীক ঘটনাস্থলীলৈ নিয়াৰ সময়ত তেওঁ পলাবলৈ চেষ্টা কৰাৰ লগতে আৰক্ষীৰ অস্ত্ৰ কাঢ়িবলৈ উদ্যত হৈছিল। ফলত আৰক্ষীয়ে গুলীচালনা কৰে। গুলীবিদ্ধ ৰোজ আলীক চিকিৎসালয়লৈ নিয়া হ’লেও চিকিৎসকে মৃত ঘোষণা কৰে।

ইফালে, ঘটনাটোক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মাধুৰ্য বৰ্মনৰ পৰিয়াল, স্থানীয় ৰাইজ আৰু বিভিন্ন সংগঠনে ঘটনাটোৰ পূৰ্ণাংগ তদন্তৰ দাবী জনাইছে।

আৰক্ষীয়ে জনোৱা মতে, ঘটনাটোৰ সৈতে জড়িত আন অভিযুক্তসকলকো বিচাৰি অভিযান অব্যাহত আছে। তদন্ত সম্পূৰ্ণ নোহোৱালৈকে ঘটনাটোৰ সকলো দিশ স্পষ্ট হোৱা নাই।

Nalbari, June 1: Roz Ali, the main accused in the sensational Gangapur murder case that shocked Assam, was killed in a police encounter. According to police sources, the encounter took place during an operation to apprehend the accused as part of the ongoing investigation.

It may be recalled that on the night of May 31, a brutal attack in the Gangapur area of Nalbari claimed the life of AASU leader Madhurjya Barman, while a young woman, Mridumudra Deka, sustained serious injuries. Following the incident, police launched an intensive manhunt for Roz Ali and other suspects allegedly involved in the case.

Police stated that while being taken to the crime scene for investigation purposes, Roz Ali allegedly attempted to escape and tried to snatch a police weapon. In response, police opened fire, leaving him critically injured. He was rushed to a hospital, where doctors later declared him dead.

The incident has triggered widespread reactions across the state. Family members of the deceased, local residents, and various organizations have demanded a thorough investigation into the case and justice for the victims.

Police further informed that operations are continuing to trace and arrest other accused persons connected to the incident. Authorities emphasized that the investigation is still underway and all aspects of the case are being examined.


Comments

Leave a Reply

Your email address will not be published. Required fields are marked *